চনুৰ জন্মদিন - শুকান স্মৃতি (Sonu's Birthday - Dry Memory)

এৰি থাকিব নোৱাৰিছিলো তাক, সিয়ো মোক এৰি থাকিব নোৱাৰিছিল| সদায় একেলগে আছিলো| তেনেতে এক সময় আহিল সি কলেজলৈ যাব লগা হ'ল আৰু তাৰ পিছত মইয়ো মোৰ মামাৰ ঘৰলৈ(অধ্যয়নাৰ্থে)| তেনেতে হঠাৎ তাৰ ছাত্ৰজীৱনৰ সামৰণি মাৰিব লগা হ'ল আৰু মই তেতিয়াওঁ মোৰ মামাৰ ঘৰত(যদিওঁ বঙালধৰাত)| সি লিডুলৈ ঢাপলি মেলিলে, মই তেতিয়া মেট্ৰিক দিবলৈ সাজু আৰু মই মেট্ৰিক দিয়ালৈ সি হাজিৰ| মোৰ পৰীক্ষাৰ বাবে পৰীক্ষাকেন্দ্ৰলৈ আমাৰ গেংটোৰ প্ৰায়কেইজনেই মোৰ পৰীক্ষাত উৎসাহ যোগাবলৈ আহিছিল আৰু লগত আহিছিল সি|

মোৰ পৰীক্ষাৰ ৰিজাল্ট আহিছিল আৰু সিওঁ তেতিয়ালৈ সিদ্ধান্তটো লৈ পেলাইছিল| তেতিয়ালৈ আমি পাৰ্টী কৰাৰ সীমাদাল চেৰাই দিছিলো| মোৰ মেট্ৰিকৰ ৰিজাল্ট আহিল, লগতে আহিল আকৌ সেই পাৰ্টী| দিবলগীয়া বস্তু, গতিকে দি দিলো|

সেই সিদ্ধান্তটো, যিটো ওপৰত ইতিমধ্যেই উল্লেখ কৰিছো সিহতে লৈ পেলাইছিল সেই সিদ্ধান্তটোক ফলৱৰ্তী কৰাৰ বাবে নিৰ্ধাৰিত সেই দিনটো ওচৰ চাপিছিল আৰু কপিছিল মোৰ বুকু| মই মাথো সেইদিনকেইটাত মোৰ গোমা মুখখন লৈ ফুৰিছিলো| অৱশেষত গেঙৰ লগত সি গুচি গ'ল নিৰ্দিষ্ট দিনা, নিৰ্দিষ্ট ঠাইলৈ| আৰু মোৰো সময় আহিল ময়ো উপায়বিহীনভাৱে, বুকুৰ শুকান দূখবোৰ লৈ মোৰ নিৰ্দিষ্ট ঠাইলৈ আহিলো|

সেয়ে আজিৰ এই দিনটো মোৰ বাবে বিশেষ দিন| কিন্তু শুকান বিশেষ যেন! আজি তাৰ বাৰ্থডে যাৰ বাবে ইতিমধ্যেই ইমানখিনি কথা ব্যক্ত কৰিলো| উমম আজি চনুৰ বাৰ্থ ডে| তাৰ সদায় মঙ্গল কামনা কৰো আৰু কৰি যাম| আজি তালৈ বৰকৈ মনত পৰিছে কিন্তু এয়া যে শুকান স্মৃতি|

Popular posts from this blog

জীৱনটো জীয়াই থাকিবলৈ শিকা...