সেই সপোনবোৰ (Those Dreams)
মোৰ সেই সপোনবোৰ পূর্ণ হ'ব নে যিবোৰ ভাৱি জীয়াই থাকিবলৈ ভাল লাগে! মোৰ সেই সপোনবোৰ পূৰ্ণ হ'ব নে যাৰ বাবে অলেখ তৰাৰ মাজত ঘৰ সজাৰ প্ৰয়াস কৰো! মোৰ সেই সপোনবোৰ পূৰ্ণ হ'ব নে যিবোৰৰ কথা অন্যৰ আগত প্ৰকাশ কৰিলেই শুনিবলগীয়া হয় কিছু নুশুনিবলগীয়া কথা!
নাজানো মোৰ সেই সপোনবোৰ পূৰ্ণ হ'ব নে নাই কিন্তু কেতিয়াবা মোৰ গৰ্ব কৰি চিঞৰি দিব মন যায় মোৰ এনে সপোনবোৰৰ কথা কৈ| ৰাষ্টাই ৰাষ্টাই দৌৰি কৈ ফুৰিবৰ মন যায় মোৰ সপোনৰ কথা| ককালত কলহ লৈ পানী আনি থকা গাৱঁৰ জীয়াৰী-বোৱৰীবোৰক ৰখায় লৈ এফালৰ পৰা কব মন যায় মোৰ সপোনবোৰৰ কথা| কলেজৰ কেন্টিনত বহি থকা গাভৰুজাকক গৈ ক'ব মন যায় মোৰ সপোনবোৰৰ কথা| ঘৰলৈ পথাৰৰ পৰা ধান চপায় অনা খেতিয়ক ককাইহতকো কবৰ মন যায় মোৰ সপোনবোৰৰ কথা| মোৰ বেঙা-বেঙি ককা-আইতা হালকো ক'বৰ মন যায় মোৰ সপোনৰ কথা কিন্তু... বুকুখনত তেতিয়াহে এক বৃহৎ খুন্দা লাগি ধৰে যেতিয়া এই প্ৰশ্নটো আহে, “সপোন দেখিছো ঠিক কিন্তু মই মোৰ সপোনবোৰ বাস্তবায়িত কৰিবলৈ সক্ষম হ'ম নে? নে কেৱল সপোনেই দেখি থাকিব লাগিব?